মই এতিয়াও প্ৰায়ে কওঁ, কলেজত পাৰ কৰা দিনবোৰৰ কাহিনীবোৰ যদি লিখিবলৈ আৰম্ভ কৰোঁ, ভাল কিতাপ এখন হৈ পৰিব। কিতাপ নহ'লেই যেনিবা, ব্লগৰ মাধ্যমেৰেই আপোনালোকলৈ আগবঢ়ইছো আৰু এটি সচাঁ কাহিনী।
বহুত দূৰ-দূৰ ঠাইলৈ গৈ টিউশ্যন কৰিব লাগে বুলি পতিয়ন নিয়াই মা-দেউতাৰ পৰা ছুজুকি ফিয়েৰ' এখন লৈছিলো। কলেজত থকা দিনৰ কথা। ২০০৩ চনত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা স্নাতক পাছ কৰিলো। ছাৰহঁতে আশা কৰাধৰনে ফলাফল নোহোৱা বাবে পদ্মেশ্বৰ গগৈ ছাৰে খুব গালি পাৰিলে। বাইক চলাই চলাই ঘূৰি ফুৰিলে ক'ত ৰিজাল্ট ভাল হ'ব। গগৈ ছাৰ আৰু বিদ্যাধৰ বৰঠাকুৰ ছাৰে পৰামৰ্শ দিলে, DoEACC নামৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ অনুষ্ঠানটোৱে Bioinformatics নামৰ নতুন পাঠ্যক্ৰম এটা আৰম্ভ কৰিছে। সেইটো পঢ়িলে ভৱিষ্যতলৈ ভাল হ'ব। তেজপুৰস্থিত DoEACC অত তেনেকুৱা পাঠ্যক্ৰম আছে।
ছাৰহঁতৰ পৰামৰ্শমতেই DoEACC অৰ প্ৰপত্ৰ জমা দিবলৈ বাইকত তেজপুৰ গৈ কামবোৰ শেষ কৰি গোলাঘাটৰ দিশে উভতি আহি আছো। মোৰ লগত জীমণি নামৰ বন্ধু এজন। মাজতে বোকাখাটত ৰৈ আমাৰ কলেজৰ দলৰ আন্তঃকলেজ ক্ৰিকেট খেল উপভোগ কৰিলো, নুমলীগঢ় ধাবাত ৰুটী-মাংস খালো। তেতিয়ালৈ আন্ধাৰ হৈছিল আৰু।ৰুটী খাই বাইক ষ্টাৰ্ট কৰি দেখোঁ, পিছচকাটো চেপেটা হৈ আছে। তাতে দোকান এখনত যেনেতেনে চকাটো বনাই দিলে যদিও দোকানীজনে জনাই দিলে যে টিউব সলাব লাগিব, গোলাঘাট গৈ নেপামগৈ। ওচৰে পাজৰে টিউবৰ দোকানো নাই। সেয়ে ভগৱানৰ নাম লৈ ফুলস্পীডত বাইক দবাই দিলো।
সাধাৰনতে বাইকৰ এক্সেলেটৰ ধৰিবলৈ পালে বেলেগ একো কথাই চিন্তা নকৰোঁ। সেইদিনাও তেনেকৈ আহি আহি নুমলীগঢ় শোধনাগাৰ পাৰ হৈছো মাথো, বাইকখন কপিবলৈ আৰম্ভ কৰিলে। ছেঃ আকৌ পাংচাৰ। এতিয়াতো ওচৰে-পাজৰে পাংচাৰ মৰা দোকানো নাই। লাহেকৈ জীমণি আৰু মই বাইক ঠেলিবলৈ আৰম্ভ কৰিলো। তেতিয়া সন্ধিয়া ৭ টামান বাজিছে। ২০০৩ চনত তেতিয়া ম'বাইলো অহা নাই। পিচিঅ' এটাৰ পৰা জীমণিৰ ঘৰলৈ লেণ্ডলাইনতে ফোন এটা লগালো। কিন্তু মাকৰ বাহিৰে কাকো নেপালো। জীমণিৰ মাককে আমাৰ অৱস্থাটো জনালো। কোনো সহায় পোৱাৰ আশা নেদেখি পুনৰ বাইক ঠেলিবলৈ ধৰিলো।
আন্ধাৰৰ মাজে মাজে বাইক ঠেলি ঠেলি দৈগ্ৰোং দলং পাৰ হলো। পহৰাৰত আৰক্ষীদুজনক টোপনিয়াই থকাও দেখিলো। ভাগৰত আৰু ভোকত বোকাখাটৰ পৰা কিনা পেৰাখিনিয়ে খাই খাই শেষ কৰিলো। মাজতে পাংচাৰ মৰা দোকান এখন পালো যদিও দোকানীয়ে নিজৰ অসমৰ্থতাৰ কথা জনালে। সেয়ে পুনৰ বাইক ঠেলিবলৈ আৰম্ভ কৰিলো। ইতিমধ্যে ৰাতি ৯ বাজি গৈছে। অভিজ্ঞতা থকাজনেহে পাংচাৰ বাইক ঠেলাৰ মজাটো বুজে।তেনেদৰে গৈ গৈ মৰঙী পালোগৈ। তেনেকুৱাতে বিপৰীত দিশৰ পৰা অহা অটো এখন আমাক দেখি ৰৈ দিলে। দেখিলো আমাৰ বন্ধু ৩ জন গোলাঘাটৰ পৰা আমাক নিবলৈ আহিছে। কি যে শান্তি পালো। বাইকখন মৰঙীতে মানুহ এঘৰত থৈ অটোত গোলাঘাট অভিমুখে ৰাওনা হলো।
সেইয়া এটা ডাঙৰ অভিজ্ঞতা। সেইদিনা কেই কিলোমিটাৰ বাইক ঠেলিলো জানেনে?? ১৪ কিঃমিঃ!!!
বাইক চলোৱাৰ মজা সেইদিনা ভালদৰে উপলব্ধি কৰিলো। পিছদিনা বাইকখন অনাৰ পিছত মোৰ প্ৰথম কামটো আছিল, ফুটপাম্পসহ পাংচাৰ ৰিপেয়াৰিং কিট এটা কিনি বাইকত তিৰপালৰ বেগ এটাত ওলমোৱা!!

ha ha bike soluwar moja
ReplyDelete