Saturday, 30 May 2015

বাইক চলোৱাৰ মজা!

মই এতিয়াও প্ৰায়ে কওঁ‌, কলেজত পাৰ কৰা দিনবোৰৰ কাহিনীবোৰ যদি লিখিবলৈ আৰম্ভ কৰোঁ‌, ভাল কিতাপ এখন হৈ পৰিব। কিতাপ নহ'লেই যেনিবা, ব্লগৰ মাধ্যমেৰেই আপোনালোকলৈ আগবঢ়ইছো আৰু এটি সচাঁ‌ কাহিনী।

বহুত দূৰ-দূৰ ঠাইলৈ গৈ টিউশ্যন কৰিব লাগে বুলি পতিয়ন নিয়াই মা-দেউতাৰ পৰা ছুজুকি ফিয়েৰ' এখন লৈছিলো। কলেজত থকা দিনৰ কথা। ২০০৩ চনত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা স্নাতক পাছ কৰিলো। ছাৰহঁ‌তে আশা কৰাধৰনে ফলাফল নোহোৱা বাবে পদ্মেশ্বৰ গগৈ ছাৰে খুব গালি পাৰিলে। বাইক চলাই চলাই ঘূৰি ফুৰিলে ক'ত ৰিজাল্ট ভাল হ'ব। গগৈ ছাৰ আৰু বিদ্যাধৰ বৰঠাকুৰ ছাৰে পৰামৰ্শ দিলে, DoEACC নামৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ অনুষ্ঠানটোৱে Bioinformatics নামৰ নতুন পাঠ্যক্ৰম এটা আৰম্ভ কৰিছে। সেইটো পঢ়িলে ভৱিষ্যতলৈ ভাল হ'ব। তেজপুৰস্থিত DoEACC অত তেনেকুৱা পাঠ্যক্ৰম আছে।

ছাৰহঁ‌তৰ পৰামৰ্শমতেই DoEACC অৰ প্ৰপত্ৰ জমা দিবলৈ বাইকত তেজপুৰ গৈ কামবোৰ শেষ কৰি গোলাঘাটৰ দিশে উভতি আহি আছো। মোৰ লগত জীমণি নামৰ বন্ধু এজন। মাজতে বোকাখাটত ৰৈ আমাৰ কলেজৰ দলৰ আন্তঃকলেজ ক্ৰিকেট খেল উপভোগ কৰিলো, নুমলীগঢ় ধাবাত ৰুটী-মাংস খালো। তেতিয়ালৈ আন্ধাৰ হৈছিল আৰু।ৰুটী খাই বাইক ষ্টাৰ্ট কৰি দেখোঁ‌, পিছচকাটো চেপেটা হৈ আছে। তাতে দোকান এখনত যেনেতেনে চকাটো বনাই দিলে যদিও দোকানীজনে জনাই দিলে যে টিউব সলাব লাগিব, গোলাঘাট গৈ নেপামগৈ। ওচৰে পাজৰে টিউবৰ দোকানো নাই। সেয়ে ভগৱানৰ নাম লৈ ফুলস্পীডত বাইক দবাই দিলো।

সাধাৰনতে বাইকৰ এক্সেলেটৰ ধৰিবলৈ পালে বেলেগ একো কথাই চিন্তা নকৰোঁ‌। সেইদিনাও তেনেকৈ আহি আহি নুমলীগঢ় শোধনাগাৰ পাৰ হৈছো মাথো, বাইকখন কপিবলৈ আৰম্ভ কৰিলে। ছেঃ আকৌ পাংচাৰ। এতিয়াতো ওচৰে-পাজৰে পাংচাৰ মৰা দোকানো নাই। লাহেকৈ জীমণি আৰু মই বাইক ঠেলিবলৈ আৰম্ভ কৰিলো। তেতিয়া সন্ধিয়া ৭ টামান বাজিছে। ২০০৩ চনত তেতিয়া ম'বাইলো অহা নাই। পিচিঅ' এটাৰ পৰা জীমণিৰ ঘৰলৈ লেণ্ডলাইনতে ফোন এটা লগালো। কিন্তু মাকৰ বাহিৰে কাকো নেপালো। জীমণিৰ মাককে আমাৰ অৱস্থাটো জনালো। কোনো সহায় পোৱাৰ আশা নেদেখি পুনৰ বাইক ঠেলিবলৈ ধৰিলো।

আন্ধাৰৰ মাজে মাজে বাইক ঠেলি ঠেলি দৈগ্ৰোং দলং পাৰ হলো। পহৰাৰত আৰক্ষীদুজনক টোপনিয়াই থকাও দেখিলো। ভাগৰত আৰু ভোকত বোকাখাটৰ পৰা কিনা পেৰাখিনিয়ে খাই খাই শেষ কৰিলো। মাজতে পাংচাৰ মৰা দোকান এখন পালো যদিও দোকানীয়ে নিজৰ অসমৰ্থতাৰ কথা জনালে। সেয়ে পুনৰ বাইক ঠেলিবলৈ আৰম্ভ কৰিলো। ইতিমধ্যে ৰাতি ৯ বাজি গৈছে। অভিজ্ঞতা থকাজনেহে পাংচাৰ বাইক ঠেলাৰ মজাটো বুজে।তেনেদৰে গৈ গৈ মৰঙী পালোগৈ। তেনেকুৱাতে বিপৰীত দিশৰ পৰা অহা অটো এখন আমাক দেখি ৰৈ দিলে। দেখিলো আমাৰ বন্ধু ৩ জন গোলাঘাটৰ পৰা আমাক নিবলৈ আহিছে। কি যে শান্তি পালো। বাইকখন মৰঙীতে মানুহ এঘৰত থৈ অটোত গোলাঘাট অভিমুখে ৰাওনা হলো।

সেইয়া এটা ডাঙৰ অভিজ্ঞতা। সেইদিনা কেই কিলোমিটাৰ বাইক ঠেলিলো জানেনে?? ১৪ কিঃমিঃ!!!

বাইক চলোৱাৰ মজা সেইদিনা ভালদৰে উপলব্ধি কৰিলো। পিছদিনা বাইকখন অনাৰ পিছত মোৰ প্ৰথম কামটো আছিল, ফুটপাম্পসহ পাংচাৰ ৰিপেয়াৰিং কিট এটা কিনি বাইকত তিৰপালৰ বেগ এটাত ওলমোৱা!!

Tuesday, 27 November 2012

ভূত

পোন-প্ৰথমেই কৈ থওঁ, মই কোনো সাহিত্যিক নহয়, বা অসমীয়া ভাষাৰ কোনো বিশেষজ্ঞও নহয়। মনত যি আহিছে, তাকেই লিখিছো। ভুল-ভ্ৰান্তি দেখিলে মন্তব্য দিব।


জীৱনটো আধাছোৱা খুব ফূৰ্তি কৰিয়ে কটালো। মাজে মাজে কেতিয়াবা পস্তাবলগীয়াও হয়। কেতিয়াবা ভাবোঁ, যিটো সময়ত ভালদৰে পঢ়া-শুনা কৰিব লাগিছিলে, সেই সময়ত ফুৰ্তি বেছি কৰিলো। সেই দিনবোৰটো আৰু এতিয়া শুধৰাবগৈ নোৱাৰো। কিন্তু এতিয়া পস্তালেও, সেই দিনবোৰৰ কিছু মূহুৰ্ত সদায় মনত থাকি যাব।

সেয়া কলেজীয়া জীৱনৰ কথা। বোধ হয় ২০০১-০২ চনৰ কথা। তেতিয়া মই গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ছাত্ৰ। লৰাই ভালদৰে পঢ়া-শুনা কৰিব বুলি মা-দেউতাই সাজি দিয়া গোলাঘাট নগৰৰ ঘৰটোতে থাকি পঢ়ো। ডাঙৰ ঘৰ। ঘৰৰ এটা অংশ ভাড়াত দি, বাকী অংশত মই নিজে থাকো। পঢ়া-শুনাতকৈ বেছি আদ্দা মাৰিয়েই বেছি সময় পাৰ হৈছিল। গোলাঘাট নগৰৰ অন্নপূৰ্ণা হোটেলত আৰু গোলাঘাট নগৰ সমিতিৰ কাৰ্য্যালয়ৰ সমুখত কেতিয়াবা ৰাতি ১০-১১ বজালৈ আদ্দা বহিছিল। (আদ্দাত আদ্দা মৰাৰ বাহিৰে সাংঘাতিক বেয়া কাম এটা নহৈছিল)।

আৰু এটা আদ্দা আছিল, হক ছাৰৰ মেছত। গোলাঘাট মিশ্যন কম্পাউণ্ডত আছিল চিৰাজুল হক ছাৰৰ মেছ। আগতে ছাৰ তাতে থাকিছিল যদিও, পিছলৈ ছাৰে টেনপুৰত ঘৰ লৈছিল। ছাৰে তেতিয়া দিনত তাত পদাৰ্থবিজ্ঞানৰ টিউশ্যন লৈছিল, আৰু ৰাতি টেনপুৰৰ ঘৰলৈ গুছি গৈছিল। মালিক নথকা মেছত ৰাতি আদ্দা মৰাৰ মজাই বেলেগ।

তেনেকুৱা এটা ৰাতি, আদ্দা মাৰি আহি ৰাতি ১১ মান বজাত ঘৰ সোমাইছোহি। বাহিৰত ক'ৰবাত ভাত-পানী খাই আহিছিলো, সেয়ে সেইদিনা ৰন্ধা-বঢ়াৰ ঝামেলা নাছিল। ঘৰত সোমাই বিছনাত বাগৰ দি, ৱাকমেনত গান শুনি শুনি বাগৰ দিছো। (তেতিয়া লেপটপ, আই-পড বা ম'বাইল নাছিল)। 

তেনেকে কেতিয়া টোপনি আহিলে গম নাপাওঁ। 

হঠাৎ কিবা মাত এটা শুনি সাৰ পালো। ভালদৰে কাণ পাতি শুনিলো...  "টুক টুক টুক"। 

কোনোবাই মোৰ খিৰিকিত টোকৰ মাৰিছে। ভাবিলো, জেঠী চাগে! 

তেনেতে আকৌ শুনিলো, আগতকৈ অলপ ডাঙৰ টোকৰ, "টুক টুক টুক"।

তেতিয়া মই ভিতৰৰ পৰা মাত দিলো, "কোন????"

কোনো উত্তৰ নাই!!!! মই আকৌ মাত দিলো, "কোন বে?????" (তেতিয়া 'বে'টো খুব চলিছিলে)

তেনেতে বাহিৰৰ পৰা মাত আহিল, "অ' পংকজ!"। এটা নাৰীকণ্ঠ!!

ঘড়ীটো চালো, প্ৰায় ১ বাজি ২০ মিনিট গৈছে। ভাবিলো, এই ৰাতিখন কোন ওলালেহি!!!

তেনেতে আকৌ মাত আহিল, "অ' পংকজ, দুৱাৰখন খোলাছোন"।

সেইকেইদিনত আমি কুং-ফু শিকি অলপ বেছি সাহসিয়াল হৈ আছিলো। মই হাতত পেন্সিল টৰ্চটো লৈ লাহেকৈ দুৱাৰখন খুলিলো। দেখিলো, কোনো নাই। টৰ্চটো জ্বলাই বাহিৰলৈ ওলাই আহিলো। দেখোঁ, মোৰ খিৰিকিৰ কাষতে মহিলা এগৰাকী। চিনি নেপালো। কলা ৰঙৰ স্কাৰ্ফ এখন মেৰিয়াই ৰৈ আছে।

মই সুধিলো, "কি হ'ল?? কি লাগে??"

মহিলা নিমাত।

আকৌ সুধিলো, "কি হ'ল নকয় কেলৈ???" অলপ চিঞৰি কলো।

মহিলাই উত্তৰ দিলে, "তুমি ভয় খাইছা!!"

কি????

নহয়, তুমি ভয় খাইছা।

মোৰ খং উঠিলে, কলো, "কি আবোল-তাবোল বকি আছে? কি লাগে নকয় কেলৈ???"

আকৌ একেই উত্তৰ, "নাই তুমি ভয় খাইছা!!" সেইষাৰ কৈয়েই মোৰ চকুৰ সমুখতে মহিলাগৰাকী নাইকিয়া হৈ গ'ল!! মই একো পাত্তাই নাপালো। মহিলাগৰাকী হঠাৎ কেনেকে অদৃশ্য হৈ গ'ল!!!

তেতিয়া মোৰ গাটো অলপ সিৰসিৰাই উঠিলে। মই লাহেকৈ ভিতৰলৈ সোমাই আহিলো। আৰু দুৱাৰখন জপাই দিলো। 

তাৰ পিছতহে মোৰ অলপ ভয় ভাব আহিছে। ভাবিলো, বস্তুটো কি আছিল!! হঠাৎ এনেকে মানুহ এজনী নাইকিয়া হৈ যাব পাৰেনে???

ওচৰ চুবুৰীয়া কাৰো কোনো সাৰ-সুৰ নাই। ভাড়াতীয়াৰো সাৰ-সুৰ নাই।

এতিয়া অকলে অকলে কৰোঁ কি??? পাকঘৰত গৈ সৰিয়হৰ টেমাৰ পৰা সৰিয়হ লৈ গোটেই ঘৰত চটিয়াব ধৰিলো। চটিয়াই চটিয়াই আধা কিলো সৰিয়হ শেষ!! কিন্তু, মনৰ পৰা যে ভূতৰ ভয় নাযায়। হাতত ডাঙৰ দা খন ললো। দাখন লৈয়েই বিছনাত বাগৰ দিলো। টোপনিনো আহে ক'ত!! শীতৰ দিনত মই গৰমত থাকিব পৰা নাই। এনেকুৱা ঘামিছো!! কম্বল আঁতৰাই হাতত দা লৈ, লাইট জ্বলাই শুবলৈ চেষ্টা কৰি কৰি এটা উজাগৰী নিশা পাৰ হ'ল।

ৰহস্য, ৰহস্য হৈয়ে থাকি গ'ল!!! ভূত, ভূত হৈয়ে থাকি গ'ল....

৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺
ভূত-২
৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺৺

ভূতৰ সৈতে কিন্তু সেইটো মোৰ প্ৰথম সাক্ষাৎ নাছিল মোৰেই কিবা গ্ৰহ-নক্ষত্ৰৰ দোষ আছে নে কি নেজানো, কিন্তু সৰুৰে পৰা ইতিমধ্যে ভূতৰ সৈতে - বাৰ সাক্ষাৎ হৈছে। আৰু সকলোৱে হেনো ভূত নেদেখে!!!

এই কাহিনীটো কাৰ্বি আংলং জিলাৰ খটখটীৰ (বোকাজান), মোৰ জন্মস্থানৰ। তেতিয়া মই ২য় বা ৩য় শ্ৰেণীত আছিলো। আমি ঘৰৰ পৰা প্ৰায় ৫ কি: মি: মান আতঁৰৰ এখন বিদ্যালয়ত পঢ়িছিলো।

ডাঙৰ মামাৰ সৰু ছোৱালীজনী, গীতু প্ৰায় মোৰ সমবয়সীয়া। আমি একেবাৰে নলে-গলে লগা বন্ধু আছিলো। মামা বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী আছিল আৰু আমাৰ প্ৰাথমিক বিদ্যালয় মামাৰ কাৰ্য্যালয়ৰ ওচৰতে আছিল। বিদ্যালয় ছুটীৰ পিছত সাধাৰণতে মামাই আমাক মামাৰ ঘৰত স্কুটাৰেৰে থৈ যায়হি। মামাৰ ঘৰত আমি সদায় খুব খেলা-ধূলা কৰোঁ, ঝুলনা খেলোঁ, পথাৰত খোকা-চেপা চাবলৈ যাওঁ। আৰু গধুলি মা বা দেউতাই আহি মোক ঘৰলৈ লৈ যায়হি। মামাৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ ১ কি: মি: মান হ’ব।

সেই তেনেকুৱা এটা দিনৰে কথা। মামাৰ ঘৰত আবেলি খেলি আছিলো। মোৰ মন গ’ল পথাৰত গৈ খোকা চাবলৈ। সেইদিনা গীতু কিবা কাৰণে মোৰ লগত যোৱা নাছিল।

মামাহঁতৰ ঘৰৰ পিছফালৰ বাহঁনিখন পাৰ হৈ বিশাল পথাৰখন। তেতিয়া প্ৰায় বিয়লি ২ মান বাজিছে। মামাহঁতৰ ঘৰৰ বাকী মানুহবোৰে ভাত খাই অলপ ককাঁল পোনাই আছিল। মই অকলে গৈ পথাৰখন পালোগৈ।

এটা এটাকে খোকাবোৰ চাই চাই গৈ আছো, আৰু যি এটা-দুটা মাছ পাইছো, বনগুটি এডালত ওলোমাই লৈছো। তেনেকেই পথাৰৰ আলিয়ে আলিয়ে আগবাঢ়ি গৈ আছো।

হঠাতে দেখিলো, সিফালৰ পৰা লৰা এটা আহি আছে। লৰাটো মই চিনি পাওঁ। নামটো নৱদ্বীপ। বয়সত মোতকৈ ৪-৫ বছৰ ডাঙৰ যদিও আমি একেলগে কেতিয়াবা ফুটবল খেলোঁ। সি আমাৰ মা-দেউতাহঁতৰ বিদ্যালয়তে পঢ়ে।

তাক দেখি মই শুধিলো, “ঐ, ক’ত গৈছিলি?? এইফালে ক’ৰ পৰা আহি আছ??”
সি অলপ দেৰী মোলৈ চালে। তাৰ পিছত কোনো উত্তৰ নিদি মোক গতা মাৰি পথাৰৰ বোকাত পেলাই দিলে। মই লৰালৰিকে উঠি, কান্দি কান্দি পথাৰৰ পৰা দৌৰিবলৈ ধৰিলো। নৱদ্বীপ সিফালেদি আৰু পথাৰৰ মাজলৈ গ’লগৈ। মই আৰু মামাৰ ঘৰলৈ নগৈ, এটা চমু বাটেৰে নিজৰ ঘৰলৈ বুলি লৰ দিলো।

ঘৰ পাবলৈ অকণমান বাকী থাকোতে দেখিছো, নৱদ্বীপ সিফালৰ পৰা আহি আছে। মই আচৰিত হলো। সি ইয়াত কেনেকে পালেহি!! মই যিটো চমু ৰাস্তাৰে ঘৰ আহিলো, মোতকৈ আগতে সি সেই ঠাই পোৱাৰ কোনো উপায় নাই!!

তেনেতে নৱদ্বীপে মোক শুধিছে, “সেই আপু, কি হ’ল?? গাত বোকা কেনেকে লাগিলে??”

মই একো উত্তৰ নিদি দৌৰি ঘৰ সোমালোহি।

মা-দেউতাক যেতিয়া কথাটো কলো, মা-দেউতাই নৱদ্বীপক ঘৰলৈ মতাই আনিলে। সিও কলে যে সিটো বেলেগ এফালৰ পৰাহে আহি আছিল, সিটো পথাৰলৈ যোৱাৰ কোনো প্ৰ্শ্নই নুঠে!!

চাবলৈ গ’লে, তাৰ কথাটোও শুদ্ধ!! মোৰ মা-দেউতাৰে ছাত্ৰ নৱদ্বীপ। আৰু মইও জানো, মা-দেউতাৰ কোনো ছাত্ৰৰে মোক গতা মৰাৰ সাহ নহয়। কাৰণ মোৰ দেউতা সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক। আৰু পথাৰৰ পৰা সি কোনোপধ্যেই মোতকৈ আগতে পাবহি নোৱাৰে।

কিন্তু এইটোও সচাঁ যে, মই যাক দেখিছিলো, সি নৱদ্বীপে আছিল।

আজিও মই কথাটো চিন্তা কৰোঁ আৰু কোনো ওৰ নেপাওঁ। অৱশেষত মই ইয়াকো ভূতৰে নাম দিলো!!!
                        
এই ঘটনাৰ প্ৰায় ২২ বছৰ হ’ল। বহুত বছৰ পিছত এইবাৰ ঘৰৰ ওচৰত বিহু সন্মিলন চোৱাৰ সুযোগ পালো। আজি-কালি প্ৰায়ে ঘৰৰ পৰা আতঁৰত থাকো কাৰণে আত্মীয়-স্বজন বাদ দি, খটখটীৰ বেছিভাগ মানুহেই মোক চিনি নেপায়। তাতে বিহু চাব যাওঁতে লগ পালো নৱদ্বীপৰ ভায়েক প্ৰদীপক। সি প্ৰায় মোৰ লগৰে আছিল। কথাই কথাই তাক শুধিলো, নৱদ্বীপৰ খবৰ। সি ক’লে, নৱদ্বীপ ২ বছৰ মান আগতে কিবা অসুখ হৈ ঢুকালে!!!